অসম

assam

ETV Bharat / videos

ৰাজপথত মৃত্যুদূত : কিঞ্চিৎ অসাৱধানতাই ঘটাব পাৰে বিঘিনি

By

Published : Dec 25, 2019, 6:09 PM IST

বুধবাৰৰ দিনটোত কেইবাটাও শোকাৱহ পথ দুৰ্ঘটনাই জোঁকাৰি গ'ল ৰাজ্য ৷ ৰাজ্যখনৰ ভিন্ন স্থানত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কেইবাজনো লোকে ৷ ৰাজপথ যেন এতিয়া পৰ্যবসিত হৈছে মৃত্যু পথলৈ ৷ মঙলবাৰে নিশা ছিপাঝাৰ কলেজ চ'ক-লাউজান চাৰিআলি সংযোগী গড়কাপ্তানী পথৰ বছাচুবাত সংঘটিত এটা ভয়াৱহ পথদুৰ্ঘটনাত প্ৰাণ হেৰুৱাই দুজন আৰক্ষীসহ তিনিজনকৈ লোকে ৷ ছয়গাঁৱতো বুধবাৰে পুৱা তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে এজন বাইক আৰোহীক ৷ হোজাইৰ নীলবাগানত কয়লা কঢ়িওৱা ডাম্পাৰৰ খুন্দাত মৃত্যুক আঁকোৱালি ল'লে এজন যুৱকে ৷ বৰপেটা মেডিকেল কলেজৰ সমীপত দহচকীয়া ট্ৰাকে মহতিয়াই লৈ যায় দুজন বাইক আৰোহীক ৷ দুৰ্ঘটনাটোত এজন থিতাতে নিহত আৰু আনজন গুৰুতৰভাৱে আহত ৷ ঘন কুঁৱলী, বিধ্বস্ত পথ আৰু দ্ৰুত গতিৰ ফলত এতিয়া সঘনাই সংঘটিত হ'বলৈ ধৰিছে প্ৰাণঘাটী পথ দুৰ্ঘটনা ৷ এই সন্দৰ্ভত চাওক এক বিশেষ প্ৰতিবেদন ৷

ABOUT THE AUTHOR

...view details