সঁচাকৈ অসমত হ্ৰাস পাইছেনে গঁড় হত্যাৰ ঘটনা ? - মিছা তথ্য
অসমত ক্ৰমাগতভাৱে গঁড়হত্যাৰ ঘটনা হ্ৰাস পোৱাৰ তথ্য প্ৰকাশ কৰিছে বন বিভাগে ৷ কিন্তু বনবিভাগৰ এই তথ্যৰ সত্যতাৰ প্ৰতি প্ৰশ্নউত্থাপন কৰিছে 'কাজিৰঙা ওৱাইল্ডলাইফ ছচাইটি'ৰ সঞ্চালিকা মুবিনা আখতাৰে ৷ প্ৰকৃতিপ্ৰেমীগৰাকীৰ অভিযোগ, নিজৰ ব্যৰ্থতা ঢাকিবলৈ প্ৰকৃত তথ্য লুকুৱাই ৰাখিছে বন বিভাগে ৷