অসম

assam

ETV Bharat / videos

সৰভোগত ৰে’লৰ খুন্দাত নিহত মাতৃ-কন্য়া

By

Published : Jul 4, 2021, 1:50 PM IST

শনিবাৰে পাতিলাদহা আৰু সৰভোগ ৰে’ল ষ্টেচনৰ মাজভাগত ৰামপুৰ ৰে’লৱে ক্ৰ’চিঙত সংঘটিত হয় এক অঘটন ৷ সৰভোগ ৰে’ল ষ্টেচনৰ ৰামপুৰ ৰে’ল গেটৰ সমীপত ৰে’লৰ খুন্দাত মৃত্যু হয় মাতৃ-কন্যাৰ ৷ ৰে’লৰ খুন্দাত মৃত্যু হোৱা মহিলাগৰাকী হৈছে সৰভোগৰ নুনতোলা গাঁৱৰ কবিতা নাথ (28 বছৰ) আৰু নিহত কন্যা গৰাকীৰ নাম হৈছে হিমাশ্ৰী নাথ (8 বছৰ) ৷ ৰে’লৰ খুন্দাত কথমপি প্ৰাণ ৰক্ষা পৰে ভাৰ্গৱ নাথ নামৰ এটি ছমহীয়া শিশুৰ ৷ মৃত কবিতা নাথৰ আত্মীয়ই মন্তব্য কৰা অনুসৰি, কবিতা নাথে দুই সন্তানক লগত লৈ আত্মহত্যাৰ পথ বাচি লয় ৷ কিন্তু কিয় এই পথ বাচি ল’লে সেই সম্পৰ্কত এতিয়াও জ্ঞাত নহয় পৰিয়ালৰ লোক ৷

ABOUT THE AUTHOR

...view details