শান্তি চুক্তিৰ প্ৰতিলিপি দাহ কৰি বকলীয়াঘাটত কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ - কাৰ্বি শান্তি চুক্তি
শাসকীয় পক্ষই জিলাখনৰ বিভিন্ন প্ৰান্তত শান্তি আৰু উন্নয়ন সমাৰোহ অনুষ্ঠিত কৰি যোৱা চাৰি ছেপ্টেম্বৰ পৰা কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলঙৰ ছটাকৈ বিদ্ৰোহী সংগঠনৰ মাজত স্বাক্ষৰিত হোৱা শান্তি চুক্তিৰ সপক্ষে প্ৰচাৰ অব্যাহত ৰাখিছে ৷ কিন্তু সমানুপতিকভাৱে চুক্তিখনৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন স্থানত ক্ষোভ আৰু প্ৰতিবাদৰ ধাৰা অব্যাহত আছে । জিলাখনৰ বকলীয়াঘাটত বুধবাৰে কাৰ্বি ছাত্ৰ সন্থাই কাৰ্বি শান্তি চুক্তিখনৰ ২.৩ দফা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ চুক্তিখনৰ ২.৩ দফা অনুসৰি পৰিষদত নতুনকৈ নিৰ্ধাৰণ হ’বলগীয়া ৪৪ খন পৰিষদীয় আসনৰ দহখন আসন সকলোৱে প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ মুকলি কৰি ৰখা হৈছে । সকলো জাতি-জনগোষ্ঠীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ দহখন আসন মুকলি কৰি ৰখা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনাই জিলাখনৰ একাংশ দল-সংগঠন প্ৰতিবাদমুখৰ হৈ পৰা পৰিলক্ষিত হৈছে ।