সংগোপনে শৰৎ আহিছে মাজুলীলৈ !
নিয়ৰসনা দুৱৰিত তলসৰা শেৱালিয়ে দলিচা পাৰি লুইতৰ পাৰৰ চৰ-চাপৰিত শুকুলা কহুৱাত সন্ধিয়া সুৰুযৰ হেঙুলী ৰহন সানিছে ৷ লগত আনিছে স্নিগ্ধ শিতল শিহৰণ। ঘৰ্মাক্ত ক্লান্তিৰ বৰ্ষাসিক্ত ক্লেদ আঁতৰাই আকাশৰ নীলা বোৰে লুকাভাকু খেলে শুকুলা ডাৱৰৰ মাজে মাজে। অন্ত:সত্বা পথাৰখনে ৰিব- ৰিব মৃদু মলয়াত সজাল ওৰনি টানিছে ৷ কুঁৱলীৰ এক মিঠা আচ্ছাদন মাজুলীলৈ আহিছে অতি সংগোপনে প্ৰিয় ঋতু শৰত ৷ মাজুলীৰ পদূলিত এতিয়া শাৰদী ৰাণীৰ উদুলি-মুদুলি । বান বাৰিষাৰ দুখ-দুৰ্দশাবোৰ যেন পাহৰি পেলাইছে মাজুলীবাসীয়ে । শুভ্ৰ কঁহুৱাৰ ফুলৰ নাচোনত নতুনকৈ মুখৰিত হৈছে মাজুলীৰ সৌন্দৰ্য ৷ অনুপমা মাজুলীৰ অতুলনীয় নৈসৰ্গিক প্ৰকৃতিয়ে যেন হাত বাউলি দি মাতিছে দেশ-বিদেশৰ আলহীক । পিছে শৰতৰ মনোমোহা জ্যোতিৰে পূৰ্ণতা লভা মাজুলীত নাই শাৰদীয় দুৰ্গোৎসৱৰ উন্মাদনা তথা ব্যস্ততা ৷ সমগ্ৰ অসমৰ সৈতে ব্যতিক্ৰমী এই দৃশ্য ৷ এয়াই যেন মাজুলীৰ বৈচিত্ৰতা যাক বুকুত সাৱটি নিজস্ব স্বকীয়তাৰে মহিমাণ্ডিত মাজুলী ৷