অসম

assam

By

Published : Dec 22, 2021, 4:55 PM IST

ETV Bharat / videos

জন এনাৰ্জিক অইলে পুনৰ খননৰ দায়িত্ব দিয়াক লৈ ক্ষোভিত AJYCP

জন এনাৰ্জি কোম্পানীৰ দ্বায়িত্বহীনতাৰ বাবেই বাঘজানত অগ্নিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ অহাৰ পাচতো এতিয়া অইল কৰ্তৃপক্ষই পুনৰ কোম্পানীটোকে খাদত খননৰ দায়িত্ব দিছে । অইল ইণ্ডিয়া লিমিটেডৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে বুধবাৰে মৰাণত বিক্ষোভ প্ৰদৰ্শন কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে(AJYCP stages protest against oil india limited) । জন এনাৰ্জি নামৰ ব্যক্তিগত কোম্পানীটোক অইলে দুটা খাদত খননৰ দায়িত্ব দিয়াৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । বাঘজান কাণ্ডৰ পাচত বাঘজানৰ ৰাইজে ন্যায় লাভ নকৰোতেই পুনৰ জন এনাৰ্জি নামৰ কোম্পানীটোক খননৰ দায়িত্ব দিয়াত ক্ষোভ প্ৰকাশ কৰিছে বিভিন্ন সংগঠনে । অইল ইণ্ডিয়া লিমিটেডৰ সিদ্ধান্তৰ বিৰোধিতা কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে, জন এনাৰ্জি নামৰ খনন কোম্পানীটোৰ অকৰ্মণ্যতাৰ বাবেই বাঘজান কাণ্ড সংঘটিত হৈছিল(AJYCP against John Energy company) । তেনে পৰিপ্ৰেক্ষিতত পুনৰ খননৰ দায়িত্ব জন এনাৰ্জিক দিয়া সিদ্ধান্তক কেতিয়াও জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মানি নলয় বুলি স্পষ্ট কৰি দিয়ে চাংমায়ে । লগতে জন এনাৰ্জিক দিয়া নিবিদা বাতিল কৰিবলৈ দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে । তেওঁ অভিযোগ উত্থাপন কৰে যে, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ লগত সু-সম্পৰ্ক থকাৰ বাবেই অইল ইণ্ডিয়াত পুনৰ খননৰ দায়িত্ব লাভ কৰিছে জন এনাৰ্জিয়ে । জন এনাৰ্জিৰ নিবিদা বাতিল নকৰিলে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি পলাশ চাংমায়ে সকীয়াই দিয়ে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details