অসম

assam

ETV Bharat / videos

বিজয়ী ৰথেৰে ঘৰলৈ নিলে ক’ভিড মুক্ত শিশুক

By

Published : Jun 13, 2021, 8:30 PM IST

কৰ’ণাত আক্ৰান্ত শিশু সকলক মানসিকভাৱে প্ৰেৰণা দিয়াৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে মৰাণৰ সমীপৰ ডিমৌৰ এক স্বেচ্ছাসেৱী সংস্থাই । আৰোগ্য লাভ কৰা শিশু আৰু কিশোৰ-কশোৰী সকলক কৰ'ণা বিজয়ী ৰথত ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰিছে সংস্থাটোৱে ৷ বেচৰকাৰী সংস্থা চনাপুৰ সামাজিক উন্নয়ন সমিতিয়ে কৰ'ণা ৰোগত আক্ৰান্ত হোৱা আৰ্থিকভাৱে দুৰ্বল ঘৰৰ শিশু আৰু কিশোৰ-কশোৰীক চিকিৎসালয়ৰ পৰা নিজ ঘৰলৈ যাবলৈ বেটাৰী চালিত ৰিক্সাক "কৰ'না বিজয়ী ৰথ" নামেৰে নামকৰণ কৰি উক্ত ৰথখনেৰে ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰিছে । ডিমৌ আঠাবাৰী চাহ বাগিচাত থকা বাগিচাখনৰ ক'ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ থকা শিশুক বিভিন্ন ধৰণৰ ৰঙীণ বেলুনেৰে সজাই তোলা এইখন ৰথত তুলি নিজৰ ঘৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে । লগতে শিশু সকলৰ মনোবল বৃদ্ধি আৰু উৎসাহ যোগাবলৈ তেওঁলোকৰ মাজত পুষ্টিকৰ খাদ্য, মাস্ক আৰু চেনিটাইজাৰ আদি যোগান ধৰে । চনাপুৰ সামাজিক উন্নয়ন সমিতিৰ এনে প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে ।

ABOUT THE AUTHOR

...view details