অসম

assam

By

Published : Jan 25, 2022, 10:44 AM IST

Updated : Jan 25, 2022, 11:52 AM IST

ETV Bharat / videos

Fire incident in Karimganj: কৰিমগঞ্জত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড

মঙলবাৰে কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ পাথাৰকান্দি সমষ্টিৰ সলগৈ নাচঘৰ এলেকাটোত সংঘটিত হয় এই বৃহৎ অগ্নিকাণ্ডটো (A major fire broke out at Patharkandi) ৷ তিনিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে এটা বাসগৃহ এই জুইত ভষ্মীভূত হয় ৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰায় এঘণ্টা পিছত অগ্নিনিৰ্বাপক বাহিনী আহি উপস্থিত হোৱাত উত্তেজিত হৈ পৰে ৰাইজ ৷ পিছত খবৰ পাই বাজাৰিচৰা আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজক বুজোৱাত পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহে ৷ বৰ্তমানলৈকে অৱশ্যে অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই ৷ ৰাজেশ ঠাকুৰ, ৰাধন বৈদ্য, সঞ্জু বৈদ্যৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বিজয় কৰৰ বাসগৃহ সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ পৰা এই অগ্নিকাণ্ডত ক্ষয়-ক্ষতিৰ পৰিমাণ ছয় লক্ষাধিক টকাৰো অধিক বুলি অনুমান কৰা হৈছে ৷
Last Updated : Jan 25, 2022, 11:52 AM IST

ABOUT THE AUTHOR

...view details