অসম

assam

টিংখাঙৰ কৃষকৰ সন্তানৰ সফলতা

By

Published : May 10, 2023, 1:59 PM IST

ETV Bharat / videos

Assam Police appointment: টিংখাঙত অসম আৰক্ষীৰ পৰীক্ষাত সফলতা দুই ভাতৃ

মৰাণ, ১০ মে': অসম আৰক্ষীৰ পৰীক্ষাত টিংখাঙৰ কৃষকৰ সন্তানৰ সফলতা (Assam Police Recruitment 2023)।  বিভিন্ন পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতে আনন্দৰ লহৰ বিয়পিছে টিংখাঙৰ এটা পৰিয়ালত । টিংখাঙৰ আঘোণিবাৰী অঞ্চলৰ দীপাংকৰ গগৈ আৰু পাৰভিজ গগৈ নামৰ ভাতৃদ্বয়ে একেলগে অসম আৰক্ষীৰ পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।  

কৃষিকৰ্ম আৰু হাঁহ-কুকুৰা পালনেৰে কোনোমতে জীৱন নিৰ্বাহ কৰি অহা জীৱন গগৈ আৰু ৰশ্মিৰেখা গগৈৰ পুত্ৰদ্বয়ে অশেষ কষ্ট আৰু অনুশীলনৰ মাজেৰে আজুৰি আনিবলৈ সক্ষম হৈছে এই বিশেষ সফলতা (Youths recruited in Assam Police) । জ্যেষ্ঠ ভাতৃ দীপাংকৰ গগৈয়ে ইয়াৰ পূৰ্বে প্ৰায় ১৭ বাৰকৈ অসম চৰকাৰৰ বিভিন্ন বিভাগত চাকৰিৰ বাবে আবেদন কৰি বিফল হৈছিল । ভাতৃদ্বয়ৰ এই সফলতাৰ পাছত এতিয়া উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী ।দীপাংকৰ আৰু পাৰভিজক শুভেচ্ছা জনাবলৈ ঘৰখনত বহু লোকৰ সমাগম ঘটিছে । 

লগতে পঢ়ক:CM security issue : মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা তিনি আৰক্ষী অধীক্ষকক তাৎক্ষণিক বদলি

ABOUT THE AUTHOR

...view details