সমাজৰ উন্নয়ন আৰু শান্তিৰ বাবে মৰাণত সাৰ্বজনীন দুৰ্গা পূজাৰ যজ্ঞৰ আয়োজন
Published : Jan 17, 2024, 12:31 PM IST
ডিব্ৰুগড়, 17 জানুৱাৰী : উন্নয়ন আৰু সমাজৰ শান্তিৰ বাবে মৰাণত আজিৰে পৰা 9 দিনীয়াকৈ অনুষ্ঠিত হৈছে মহাযজ্ঞ । মৰাণৰ সাৰ্বজনীন দুৰ্গা পূজাৰ 50 বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে এই যজ্ঞ আয়োজন কৰিছে পূজাৰ আয়োজক সমিতিয়ে । প্ৰায় 40 বছৰ পূৰ্বেও মৰাণৰ সাৰ্বজনীন দুৰ্গা পূজা যজ্ঞ পতিছিল । সেই পৰম্পৰা অনুসৰিয়ে আজিৰে পৰা 25 জানুৱাৰীলৈ এই যজ্ঞ চলিব ।
কাশীৰ পৰা নিমন্ত্ৰণ কৰি অনা পণ্ডিতৰ সঞ্চালনাত এই যজ্ঞ অনুষ্ঠিত হ’ব । ইফালে যজ্ঞ চলি থকাৰ মাজতে 22 জানুৱাৰীত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে যজ্ঞস্থলীত একেলগে জ্বলোৱা হ'ব 1100 বন্তি । অন্তিম দিনা মৰাণৰ ৰাধাকৃষ্ণ মিলন মন্দিৰৰ পৰা যজ্ঞস্থলীলৈ কলহ যাত্ৰা কৰাৰ লগতে 108 গৰাকী কন্যাক প্ৰসাদ দি পূজা পাতল কৰা হ'ব বুলি উদ্যোক্তাসকলে উল্লেখ কৰে ।
লগতে পঢ়ক :মৰাণত মাছৰ বজাৰত বিহু জুৰিলে বিপিন চাউদাঙে