অসম

assam

গোলাঘাট 'কা' আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 9:35 PM IST

ETV Bharat / videos

গোলাঘাট 'কা' আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি

গোলাঘাট,১২ ডিচেম্বৰ: গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনৰ সম্মুখত আজি গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজহুৱাভাৱে 'কা' আন্দোলনত প্ৰাণ আহুতি দিয়া পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা হয় । শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক বিশ্বজিৎ গগৈয়ে ।  

অনুষ্ঠানত জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰিঞ্চ দলে, মহকুমাৰ ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক প্ৰমুখ্যে ছাত্ৰ সন্থাৰ বিষয়ববীয়া ৰাইজেও অংশগ্ৰহণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক অসমৰ ৰাইজৰ ওপৰত নাগৰিকত্ব আইন জাপি নিদিবলৈ আহ্বান জনায় জিলা ছাত্ৰ সন্থাৰ সম্পাদক বিশ্বজিৎ গগৈয়ে । অন্যথা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি সকিয়নি প্ৰদান কৰে ।

লগতে পঢ়ক:নলবাৰীত 'কা' আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details