অসম

assam

জোনাই জনস্বাস্থ্য কাৰিকৰী বিভাগ

By

Published : Jul 19, 2023, 2:00 PM IST

ETV Bharat / videos

Purification of drinking water:জোনাইত খোৱা পানীৰ বিশুদ্ধকৰণৰ প্ৰশিক্ষণ

জোনাই, 19 জুলাই: জোনাই জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা FTK women groupৰ দ্বাৰা প্ৰতিখন গাঁৱৰ পাঁচ গৰাককৈ মহিলা গোটক লৈ খোৱা পানীৰ বিশুদ্ধকৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা । উল্লেখ্য় যে,ৰাজ্যৰ বিভিন্ন প্ৰন্তৰ লগতে ধেমাজি জিলাৰ গাঁৱে ভূঞে বিশুদ্ধ খোৱা পানী সেৱন নকৰাৰ ফলত বিভিন্ন ৰোগে গা কৰি উঠে। বিশেষকৈ বানপানীৰ সময়ত আৰু বানৰ পাছত খোৱাপানীজনিত কাৰণত হোৱা মহামাৰীৰ পৰা হাত সাৰিবলৈ নিজে কি পদ্ধতিৰে পানী বিশুদ্ধকৰণ কৰিব পৰা যায় তাৰ ওপৰত এই প্ৰশিক্ষণ দিয়া হয় ।

এই প্ৰশিক্ষণ জোনাইৰ তেলেম পঞ্চায়তৰ লগতে কেমি জেলম গাঁৱ পঞ্চায়তৰ কেইবাখনো গাঁৱৰ মহিলাগোটক  আৰম্ভ কৰা হৈছে । তদুপৰি এই প্ৰশিক্ষণৰ বাবে জোনাই মহকুমাৰ অন্তৰ্গত আন পঞ্চায়তবোৰৰ তালিকা প্ৰস্তুত কৰা হৈছে বুলি সদৰি কৰিছে জোনাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া তথা অভিযন্তা দেৱজিৎ পাতিৰে ।

লগতে পঢ়ক:Constituency Delimitation 2023: আজিৰে পৰা তিনিদিনীয়াকৈ কলাক্ষেত্রত নিৰ্বাচন আয়োগৰ শুনানি

ABOUT THE AUTHOR

...view details