অসম

assam

নগাঁৱৰ উপাংশু বৰ্মনৰ বাসগৃহত কান্দোনৰ ৰোল

By

Published : May 31, 2023, 9:30 AM IST

ETV Bharat / videos

AEC students death: নগাঁৱৰ উপাংশু বৰ্মনৰ বাসগৃহত কান্দোনৰ ৰোল

নগাঁও,31 মে':দেওবাৰে নিশা এক ভয়ানক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ উপাংশু শৰ্মাৰ নশ্বৰ দেহ নগাঁৱৰ আমোলাপট্টিস্থিত বাসগৃহলৈ অনাৰ পিছতেই এক শোকাকূল পৰিৱেশে বিৰাজ কৰে (Guwahati terrible road accident) । সোমবাৰে সন্ধিয়া দুৰ্ঘটনাত নিহত উপাংশু শৰ্মাৰ নশ্বৰ দেহ অনা হয় নগাঁৱৰ আমোলাপট্টিস্থিত বাসগৃহলৈ (Tragic situation in Upanshu Barman house in Nagaon)।  

অতি মেধাৱী, অমায়িক ছাত্ৰজনৰ মৃতদেহ ঘৰলৈ অনাৰ পিছতেই বাসগৃহটোত কান্দোনৰ ৰোল উঠা পৰলক্ষিত হয় (Seven students died in Guwahati) । নগাঁৱৰ ত্ৰৈলোক্য শৰ্মা আৰু দীপালী শৰ্মাৰ পুত্ৰ উপাংশু শৰ্মাৰ মৃতদেহ বাসগৃহ অহাৰ পিছতেই শোকত ম্ৰিয়মান হৈ পৰে আত্মীয়ৰ লগতে চুবুৰীয়া । সাত বছৰৰ পূৰ্বেই পিতৃক হেৰুওৱা উপাংশু শৰ্মা অধ্যায়নৰত আছিল অসম ইঞ্জিনিয়াৰিং কলেজত (Jalukbari road accident) । কিন্তু দেওবাৰে নিশা সহপাঠীৰ সৈতে কলেজৰ হোষ্টেলৰ পৰা ওলাই গৈ প্ৰাণ হেৰুৱাই উপাংশু শৰ্মাই । নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল মেধাবী ছাত্ৰজন । 

লগতে পঢ়ক:Road Mishap at Jalukbari: AEC কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই জালুকবাৰীত পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ

ABOUT THE AUTHOR

...view details