অসম

assam

By

Published : Sep 6, 2022, 12:05 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / videos

শিৱসাগৰ নগৰত চোৰৰ লুটপাত

ৰাজ্যত অব্যাহত আছে চোৰৰ উপদ্ৰৱ । শেহতীয়াকৈ শিৱসাগৰ নগৰৰ বিভিন্ন প্ৰান্তত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে (Theft in Sivasagar)। শিৱসাগৰ নগৰৰ পশ্চিম যমুনা ৰোডত এইবাৰ চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হৈছে (Sensational theft in Sivasagar)। গৃহস্থ বহিঃৰাজ্যলৈ যোৱাৰ সুযোগ লৈ চোৰে লণ্ডভণ্ড কৰিলে শিৱসাগৰৰ প্ৰতিষ্ঠিত অধিবক্তা ময়িদুল ইছলামৰ ঘৰ । চোৰে খিৰিকী ভাঙি ঘৰত প্ৰৱেশ কৰি এফালৰ পৰা লুটপাত চলাই । আলমিৰা ভাঙি কপোৰ আৰু আন আন সামগ্ৰী ছেদেলিভেদেলি কৰিও থৈ যায় চোৰে । অৱশ্যে গৃহস্থ নথকাৰ বাবে কিমান পৰিমাণৰ সামগ্ৰী চুৰি হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই । কিন্তু বহু মূল্যৱান সা-সামগ্ৰী চুৰি হোৱাৰ সন্দেহ কৰা হৈছে । চোৰে আনকি চিচিটিভি কেমেৰাৰ মেম'ৰি ডিভাইছো চুৰি কৰি লৈ যায় । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details