অসম

assam

By

Published : Oct 19, 2022, 5:35 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / videos

DAC Election: মনোনয়ন দাখিল কৰিলে আম আদমী পাৰ্টীৰ সুমন দেউৰীয়ে

দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সমাগত (Deori Autonomous Council Election) ৷ ৰাজ্যৰ অন্যতম ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীৰ উন্নয়ন আৰু বিকাশৰ উদ্দেশ্যৰে গঠন হোৱা দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ আগন্তুক নিৰ্বাচনৰ বাবে বুধবাৰৰ পৰা আৰম্ভ হ’ল প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিল পৰ্ব (Nominations filed for DAC Election) । আজি মাজুলী ৯ নং ST সমষ্টিৰ আম আদমী পাৰ্টীৰ সুমন দেউৰীয়ে বহু সমৰ্থকক লৈ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে (Suman Deori filed his nomination) । প্ৰাথীগৰাকীয়ে এইবাৰ দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত BJP দলৰ প্ৰক্ষেপিত প্ৰাথী আৰু JPP দলৰ প্ৰক্ষেপিত প্ৰাথীৰ লগত তিণিকোণীয়া যুজঁ হ’ব বুলি মন্তব্য কৰে ৷ লগতে জনগোষ্ঠীটোৰ উন্নয়নৰ হকে কাম কৰি যাবলৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি মনৰ অনুভৱ ব্যক্ত কৰে আম আদমী পাৰ্টীৰ প্ৰাথীগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details