অসম

assam

বাণিজ্য শাখাৰ অষ্টম স্থানত নগাঁৱৰ ভাৰতী বিদ্যাপীঠৰ চিমৰণ চুৰণা

By

Published : Jun 27, 2022, 7:52 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত নগাঁৱৰ মুঠ ১৪ গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে স্থান দখল কৰিবলৈ সক্ষম হৈছে (Higher Secondary result 2022)। নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা বিজ্ঞান শাখাত চাৰিগৰাকী আৰু কলা শাখাত তিনিগৰাকী ছাত্ৰ ছাত্ৰীয়ে স্থান দখল কৰাৰ সমান্তৰালকৈ কনচেপ্ট জুনিয়ৰ কলেজৰ পৰা বিজ্ঞান শাখাত চাৰি গৰাকী আৰু কলা শাখাত এগৰাকী ছাত্ৰই স্থান দখল কৰিবলৈ সক্ষম হৈছে । একেদৰে বাণিজ্য শাখাত নগাৱঁৰ গীতাঞ্জলি জুনিয়ৰ কলেজৰ পৰা এগৰাকী ছাত্ৰই নৱম স্থান দখল কৰাৰ লগতে বাণিজ্য শাখাত অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ ভাৰতী বিদ্যাপীঠৰ চিমৰণ চুৰণাই । চিমৰণ চুৰণাই স্থান দখল কৰাৰ পিছতেই শিক্ষানুষ্ঠানখনত বিৰাজ কৰিছে উখল মাখল পৰিবেশ ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details