অসম

assam

ৰাষ্ট্ৰীয় একতা দিৱসৰ আয়োজন

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 12:36 PM IST

ETV Bharat / videos

Birth anniversary of Sardar Vallabhbhai Patel:চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱসৰ আয়োজন

তিনিচুকীয়া, ৩০ অক্টোবৰ :তিনিচুকীয়াত আৰক্ষীৰ উদ্যোগতচৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উদযাপন কৰা হৈছে ৷ জন্মজয়ন্তী উপলক্ষে আয়োজন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস ৷ সোমবাৰে পুৱাই তিনিচুকীয়াত আৰক্ষীৰ উদ্যোগত ৰান ফৰ ইউনিটি কাৰ্যসূচী হাতত লোৱা হয় ৷ ৰান ফৰ ইউনিটি কাৰ্যসূচীত তিনিচুকীয়াৰ জনসাধাৰণে পূৰ্ণৰূপত সহযোগিতা আগবঢ়ায় ৷

শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ আৰু তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে শুভাৰম্ভ কৰা ৰান ফৰ ইউনিটি কাৰ্যসূচীত তিনিচুকীয়াৰ আৰক্ষী, অৰ্ধসামৰিক বাহিনী, সেনাবাহিনীৰ লগতে বহু ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে ৷ তিনিচুকীয়াৰ থানা চাৰিআলিত আৰম্ভ কৰা অনুষ্ঠানটো জি এন বি পথেৰে অতিক্ৰম কৰি তিনিকোণীয়া পুখুৰী হৈ পুনৰ এ টি পথেৰে আহি তিনিচুকীয়া সদৰ আৰক্ষী থানাত সামৰণি পৰে ৷

লগতে পঢ়ক :Panitola Cup 2023 football tournament:পঞ্চম বাৰ্ষিক পানীতোলা কাপ-২৩ ফুটবল প্ৰতিযোগিতা আৰম্ভ

ABOUT THE AUTHOR

...view details