অসম

assam

ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

ETV Bharat / videos

HS result 2023: বিজ্ঞান শাখাত দ্বিতীয় স্থান লাভ ঋষভ উপাধ্যায়ৰ; গৌৰাৱান্বিত টিংখাঙবাসী

By

Published : Jun 6, 2023, 2:22 PM IST

ডিব্ৰুগড়,6 জুন: আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত ৰাজ্যৰ বহু মেধাবী শিক্ষাৰ্থী জিলিকিবলৈ সক্ষম হৈছে (HS Result 2023) ৷ ৰাজ্যখনৰ ভিতৰতে বিজ্ঞান শাখাত দ্বিতীয় স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে টিংখাঙৰ ঔফুলিয়ৰ ঋষভ উপাধ্যায়ে (Rishav Upaydhaya) ৷ ঋষভে সৰ্বমুঠ 482 নম্বৰ লাভ কৰি অসমৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় ৷  টিংখাঙৰ অতি ভিতৰুৱা ঔফুলীয়া ডিকচাম কিনাৰ গাঁৱৰ প্ৰসেন উপাধ্যায় আৰু কবিতা উপাধ্যায়ৰ পুত্ৰ ঋষভ উপাধ্যায়ৰ এই সফলতাত উৎফুল্লিত গাঁৱবাসী ৷ ঋষভ উপাধ্যায় আছিল নগাঁও ৰামানুজন বিদ্যালয়ৰ ছাত্ৰ ৷

এজন ভাল অভিযন্তা হোৱাৰ সপোন ঋষভ উপাধ্যায়ৰ ৷ ‘‘ভালদৰে অধ্যয়ন কৰিব লাগে মনৰ ইচ্ছাৰ বিপৰীতে যাব নালাগে ৷ লাগিলে যি বিভাগতে অধ্যয়ন নকৰক লাগিলে ভালদৰে অধ্যয়ন কৰিব লাগে ৷’’ এই আহ্বান ঋষভ উপাধ্যায়ৰ ৷

লগতে পঢ়ক:HS Result 2023: বিজ্ঞান শাখাৰ অষ্টম স্থানত নগাঁৱৰ শতৰূপা বৰকাকতি

ABOUT THE AUTHOR

...view details