অসম

assam

সিদ্ধান্ত গগৈক চৰাইদেউ "জিলা নিৰ্বাচন আইকন" হিচাপে বাছনি

ETV Bharat / videos

আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলক সিদ্ধান্ত গগৈক চৰাইদেউ "জিলা নিৰ্বাচন আইকন" হিচাপে বাছনি

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 1:53 PM IST

মৰাণ, 14 জানুৱাৰী : লোকসভা নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দল তৎপৰ হোৱাৰ সমান্তৰালভাৱে জিলাই জিলাই প্ৰশাসন আৰু নিৰ্বাচন আয়োগো সাজু হোৱা পৰিলক্ষিত হৈছে । সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় যুৱ ভাৰোত্তোলক চৰাইদেউ জিলাৰ সিদ্ধান্ত গগৈক আগন্তক লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে “জিলা নিৰ্বাচন আইকন” ৰূপে নিৰ্বাচিত কৰিছে । 

আগন্তক নিৰ্বাচনৰ প্ৰাকক্ষণত জিলা প্ৰশাসনে ভোটাৰৰ মাজত সজাগতা অনাৰ বাবে আয়োজন কৰা সজাগতামূলক ৰাজহুৱা সভাত “জিলা নিৰ্বাচন আইকন” হিচাপে সিদ্ধান্ত গগৈক অংশগ্ৰহণৰ আহ্বান জনায় । 

উল্লেখ্য যে, চৰাইদেউ জিলাৰ সদৰ সোণাৰি পাৰ্বতিপুৰৰ নিবাসী যুৱ ভাৰোত্তোলক সিদ্ধান্ত গগৈয়ে 2018 চনত ইউজবেকিস্থানত আয়োজিত য়ুথ এচিয়ান চেম্পিয়নশ্বিপত ক্ৰমে চিলভাৰ আৰু ব্ৰঞ্জ, 2019 চনত নেপালত আয়োজিত চাউথ এচিয়ান গেমছত গল্ড মেডেল, 2020 চনত ইউজবেকিস্থানৰ য়ুথ আৰু জুনিয়ৰ চেম্পিয়নশ্বিপত চিলভাৰ, 2023 চনত নয়দাত আয়োজিত জুনিয়ৰ কমনৱেল্থ চেম্পিয়নশ্বিপত গল্ড, 2023 চনত নইদাত জুনিয়ৰ চেম্পিয়নশ্বিপত গল্ড, প্ৰথম খেলো ইণ্ডিয়াত গল্ড, তৃতীয় আৰু চতুৰ্থ খেলো ইণ্ডিয়াত ক্ৰমে গল্ড আৰু চিলভাৰ, 2023 চনৰ নেশ্যনেল গেমছত চিলভাৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে । তদুপৰি 2019 চনত ছাউথ এছিয়ান গেমছত সিদ্ধান্ত গগৈয়ে গল্ড মেডেল লাভ কৰাৰ লগতে তেওঁৰ ওজন শাখাত ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক:অতুল দত্ত ওৰফে সমীৰণ অসমক ঘৰলৈ ঘূৰি অহাৰ আহ্বান পৰিয়ালৰ

ABOUT THE AUTHOR

...view details