অসম

assam

10 ঘণ্টীয়া অনশন কাৰ্যসূচী

ETV Bharat / videos

Protest at Baksa : সুৱনখাটা ভিচিডিচি কাৰ্যালয় প্ৰাংগনত ৰাইজৰ অনশন কাৰ্যসূচী - তামুলপুৰ বিধানসভা সমষ্টি

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 6:55 PM IST

বাক্সা, 6 ছেপ্টেম্বৰ : সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু পৰৱৰ্তী সময়ত তামুলপুৰ জিলা গঠনৰ পাছত প্ৰতিবাদ মুখৰ হৈ পৰিছে বাক্সাৰ সুৱনখাটা, জোপাদোং ভিচিডিচিৰ 14 খন ৰাজহ গাঁৱৰ ৰাইজ ৷ বুধবাৰে সুৱনখাটাত 14 খন ৰাজহ গাঁৱৰ কেইবাশতাধিক পুৰুষ-মহিলা একগোট হৈ 10 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷  

পূৰ্বৰে পৰা কামৰূপ, নলবাৰী আৰু শেহতীয়াভাৱে বাক্সা জিলাত সংলগ্ন হৈ থকা সুৱনখাটা-জোপাদোঙৰ 14 খন ৰাজহ গাঁৱক নৱগঠিত তামুলপুৰ জিলাত অন্তৰ্ভুক্ত কৰি ৰাজনৈতিকভাৱে তামুলপুৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰে ৷ যাৰ কাৰণে এই অঞ্চলৰ জনসাধাৰণে 14 খন গাঁৱক বিবেচনা কৰি বাক্সা জিলাত ৰখাৰ কাৰণে দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল ৷ কিন্তু ৰাইজৰ দাবীৰ প্ৰতি চৰকাৰে সঁহাৰি নজনোৱাত বুধবাৰে 10 ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷

শিক্ষা, স্বাস্থ্য আৰু যাতায়তৰ ক্ষেত্ৰত কোনোফালে তামুলপুৰৰ লগত সুবিধাজনক নহয় বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী জনতাই ৷ ৰাজনৈতিকভাৱে তামুলপুৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰিলেও জিলা হিচাবে তেওঁলোকক বাক্সা জিলাতে ৰখাৰ কাৰণে দাবী জনায় ৷ তেওঁলোকৰ দাবী মানি নললে অনাগত দিনত ভোট বৰ্জনৰ উপৰিও তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিব বুলি হুংকাৰ দিয়ে ৷  

লগতে পঢ়ক :Power Minister effigy burnt:শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ, 24 ঘন্টা নালাগে 24 মিনিটো নাথাকে বিদ্যুৎ

ABOUT THE AUTHOR

...view details