অসম

assam

মন্দিয়া উপ জিলাৰ সদৰ কাৰ্যালয় স্থাপনৰ দাবী সংবাদকৰ্মীৰ প্ৰতিবাদ

ETV Bharat / videos

Journalist protest: কলগাছিয়াত মন্দিয়া উপ-জিলাৰ সদৰ কাৰ্যালয় স্থাপনৰ দাবীত সংবাদকৰ্মীৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 2:18 PM IST

জনীয়া, 5 ছেপ্টেম্বৰ:বৰপেটা জিলাৰ প্ৰস্তাৱিত মন্দিয়া উপ-জিলাৰ সদৰ কাৰ্যালয় 'কলগাছিয়া'ত স্থাপন কৰাৰ দাবীৰে কলগাছিয়া প্ৰেছ ইউনিয়ন, কলগাছিয়া মহকুমা সাংবাদিক সন্থা আৰু বৃহত্তৰ কলগাছিয়া অঞ্চলৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিকসকলৰ যৌথ উদ্যোগত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত মঙলবাৰে এক ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয় । 

সাংবাদিকসকলে কলগাছিয়াত মন্দিয়া উপ-জিলাৰ কাৰ্যালয় স্থাপনৰ দাবীৰে সমদল উলিয়াই সাব্যস্ত কৰে প্ৰতিবাদ । সমদলৰ পিচতে কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । 

প্ৰতিবাদকাৰী সংবাদকৰ্মীসকলে কয় যে, কলগাছিয়াত ৰূপসী উন্নয়ন খণ্ডৰ কাৰ্যালয়, ৰাজহ চক্ৰৰ কাৰ্যালয় আদি আন্তঃগাথঁনিৰ সু-ব্যৱস্থা আছে । যাক উপ-জিলাৰ কাৰ্যালয়লৈ ৰূপান্তৰ কৰিব পৰা যাব । 

কলগাছিয়াৰ লগতে সমীপৱৰ্তী উদমাৰী, শওঁপুৰ, ঘূগুবাৰী, কলগাছিয়া গাওঁ পঞ্চায়তৰ সুতিৰপাথাৰ গাওঁ আদি অঞ্চলৰ চৰকাৰী ভূমি প্ৰয়োজনত চৰকাৰী প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব । তদুপৰি ভৌগলিক দিশতো কলগাছিয়া মন্দিয়া সমষ্টিৰ প্ৰায় মাজভাগত অৱস্থিত । 

যাতায়তৰ ক্ষেত্ৰতো কলগাছিয়া সূচল ঠাই বুলি উল্লেখ কৰি চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংবাদকৰ্মীসকলে ।

লগতে পঢ়ক:Silsako Beel eviction: শিলসাঁকোৰ উচ্ছেদিত জনতাৰ কাষত ‘জাগ্ৰত প্রহৰী অসম’

ABOUT THE AUTHOR

...view details