অসম

assam

By

Published : Nov 2, 2022, 6:09 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ETV Bharat / videos

Protest in Bongaigaon: পথ মেৰামতিৰ দাবীত বঙাইগাঁৱত তীব্ৰ প্ৰতিবাদ

পথ মেৰামতিৰ দাবীত বঙাইগাঁৱত প্ৰতিবাদী কাৰ্যসুচী(Protest in Bongaigaon) । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিয়ে ৰূপায়ণ কৰে এই কাৰ্যসুচী(KMSS protest for road repairing) । বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰীত শালবাৰী বঙাইগাঁও সংযোগী বিধস্ত পথৰ মেৰামতিৰ দাবীত এই প্ৰতিবাদ । উল্লেখ্য যে শালবাৰী বঙাইগাঁও সংযোগী পথটোৱে জলাকলা খুৱাইছে সাধাৰণ ৰাইজক(Bad condition of road in Bongaigaon) । গাড়ী মটৰতো দুৰৰে কথা চাইকেল এখনো অহা যোৱা কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে পথচোৱাত । পথৰ মাজত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । যাৰ বাবেই বুধবাৰে নৰ্থ বইটামাৰীত অঞ্চলটোৰ স্থানীয় ৰাইজ, শিক্ষাৰ্থী আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পথটোৰ নিৰ্মানৰ দাবীত প্ৰতিবাদত নামি পৰে । অনতি পলমে পথটো মেৰামতি কৰি নিদিলে ভোট বৰ্জনৰো ভাবুকি প্ৰদান কৰে প্ৰতিবাদকাৰী ৰাইজে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details