অসম

assam

হোজাইত খেল মহাৰণৰ প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 7:55 PM IST

ETV Bharat / videos

Khel Maharan in Hojai: হোজাইত খেল মহাৰণৰ প্ৰস্তুতি

হোজাই,২৬ ছেপ্টেম্বৰ: অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত সমগ্ৰ অসমৰ লগতে হোজাই জিলাৰ সমূহ গাঁও পঞ্চায়ত আৰু পৌৰসভা এলেকাত 'খেল মহাৰণ' । 'খেল মহাৰণ'ৰ অধীনত ফুটবল, ভলীবল, কাবাডী, খো-খো আৰু ১০০মিঃ, ২০০মিঃ, ৪০০মিঃ আৰু ৮০০মিঃ দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । পুৰুষ আৰু মহিলাৰ উভয় শাখাতে এই 'খেল মহাৰণ' ১৯ বৰ্ষৰ উৰ্ধ আৰু ১৯ বৰ্ষৰ অনুৰ্ধৰ বাবে প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব ।  

এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰতিযোগীসকলে 'খেল মহাৰণ' শীৰ্ষক ম'বাইল ‌এপত গৈ নাম অন্তৰ্ভূক্ত কৰিব পাৰিব । dsywassam.com ৱেবচাইটোত নাম পঞ্জীয়ন কৰিব পাৰিব । ইতিমধ্যে বিদ্যালয়-মহাবিদ্যালয়ত হোজাই জিলা প্ৰশাসনৰ ফালৰ পৰা কেইবাটিও দলে গৈ নাম পঞ্জীয়নত সহায় কৰি আছে ।  

উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমাজত হেৰাই যাব খোজা এই প্ৰতিভাসমূহক পুনৰ জীৱিত কৰাৰ উদ্দেশ্যৰে 'খেল মহাৰণ' জৰিয়তে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সহযোগিতা আৰু যোগদানৰ বাবে আহ্বান জনাইছে । ইয়াৰ লগত সংগতি ৰাখি হোজাই জিলাৰ ক্রীড়া বিষয়া দ্বীপৰাজ সোণোৱালে হোজাই জিলাৰ জন প্ৰতিনিধি, ৰাজনৈতিক দল, অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ পৰা সহযোগিতা কামনা কৰে ।

লগতে পঢ়ক:Neccon Power and Infra Limited: বসন্ত খেতানৰ কাৰ্যালয়-বাসগৃহত আয়কৰ বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details