অসম

assam

মাজুলী জিলা স্বাস্থ্য বিভাগৰ সংবাদমেল

By

Published : Aug 6, 2023, 2:08 PM IST

ETV Bharat / videos

Mission Indradhanush: মাজুলীত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষৰ জৰিয়তে টিকাকৰণ

মাজুলী, ৬ আগষ্ট:সমগ্ৰ দেশৰ লগতে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত মাজুলী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত মাজুলী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত শনিবাৰে এখন সংবাদমেল অনুষ্ঠিত হয় । মিছন ইন্দ্ৰধনুষ সন্দৰ্ভত সংবাদমেল অনুষ্ঠিত কৰি মাজুলী জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলে কয় যে, শিশু সকলৰ লগতে গৰ্ভৱতী মহিলাসকলে বিভিন্ন সময়ত বিভিন্ন কাৰণত প্ৰতিষেধক লোৱাৰ পৰা আঁতৰি থাকিব লগা হয় । সেয়েহে এইসকলৰ বাবে বিশেষ ব্য়ৱস্থা কৰা হৈছে বুলি বিষয়াসকলে উল্লেখ কৰে ।

সাম্ভাব্য ৰোগ প্ৰতিৰোধ কৰিবলৈ নিয়মীয়া টিকাকৰণৰ প্ৰয়োজন যদিও যিসকল শিশু নিয়মীয়া টিকাকৰণৰ পৰা বাদ পৰিছে বা আংশিক টিকাকৰণ হৈছে তেনে শিশুক চিনাক্ত কৰি সৰ্বাত্মক মিছন ইন্দ্ৰধনুষৰ জৰিয়তে টিকাকৰণ কৰা ব্যৱস্থা হৈছে বুলি মাজুলী জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলে সদৰী কৰিছে ।

 কিছু দিনৰ আগতে আশা সকলৰ লগতে অংগনৱাড়ী কৰ্মীসকলৰ জৰিয়তে কোন কোন ঠাইত এই শিশু সকল টিকাকৰণৰ পৰা বঞ্চিত হৈ আহিছে সেইটোৰ ওপৰত সমীক্ষা কৰা হৈছিল । এই সমীক্ষাৰ জৰিয়তে টিকাকৰণৰ ব্যৱস্থা কৰা হ'ব বুলি মাজুলী জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলে কয় । 

লগতে পঢ়ক:Mission Indradhanush: নলবাৰীত মিছন ইন্দ্ৰধনুষ ৫.০ উন্মোচন

ABOUT THE AUTHOR

...view details