অসম

assam

তীব্ৰ যান জঁটত ভুগিছে বশিষ্ঠ মন্দিৰৰ জনতাই

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 2:55 PM IST

ETV Bharat / videos

Traffic jams in Basistha: পৰিবহণ বিভাগৰ কৃপাত তীব্ৰ যান জঁটত ভুগিছে বশিষ্ঠ মন্দিৰৰ জনতা

গুৱাহাটী,১ নৱেম্বৰ:পৰিবহণ বিভাগৰ নতুন নতুন নিয়মৰ বাবে জীয়াতু ভুগিছে সাধাৰণ জনতাই । পুৱাৰ পৰাই তীব্ৰ যান জঁটত ভুগিছে বশিষ্ঠ মন্দিৰৰ সাধাৰণ জনতাই । পৰ্যটক আৰু ভক্তসকলে দীৰ্ঘ সময় ধৰি খোজ কাঢ়ি আহিবলগা হৈছে মন্দিৰলৈ । সোমাব পৰা নাই এম্বুলেন্সকে ধৰি জৰুৰকালীন সেৱাৰ বাহনো । ইয়াৰ মূলতে হৈছে পৰিবহন বিভাগৰ নতুন নিয়ম ।  

বুধবাৰৰেপৰা পৰিবহন বিভাগে ধাৰ্য কৰা নিয়ম অনুসৰি চিটি বাছসমূহ বশিষ্ঠ মন্দিৰৰ পৰা প্ৰায় ৭ মিনিটৰ ব্যৱধানত বশিষ্ঠ মন্দিৰ ষ্ট'পেজৰ পৰা ওলাব পাৰিব । যাৰ ফলত শাৰী শাৰীকৈ ৰখাই থ'ব লগা হৈছে এখনৰ পিছত আন এখন চিটি বাছ । প্ৰায় ৮০ খনত অধিক চিটি বাছ ৰখাই থোৱা হৈছে বশিষ্ঠ মন্দিৰত । ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে বশিষ্ঠ মন্দিৰ প্ৰাংগনত ।  

উল্লেখ্য যে পৰিবহন বিভাগৰ এই নতুন নিয়মৰ ফলত যথেষ্ট অসুবিধা সৃষ্টি হৈছে চিটিবাছ চালক হেণ্ডিমেনসকলৰ । কিয়নো পূৰ্বতে কোনো নিয়ম নথকাৰ ফলত বাছসমূহ সোনকালেই উলিয়াই লৈ যাব পাৰিছিল । কিন্তু এই নতুন নিয়মৰ ফলত ঘন্টাৰ পিছত ঘন্টা ৰৈ থাকিব লগা হৈছে বাছসমূহ । যাৰ ফলত বশিষ্ঠ অঞ্চলৰ সাধাৰণ জনতাৰ লগতে চিটিবাছ চালক হেণ্ডিমেনসকলৰো উপাৰ্জন হ্ৰাস হোৱা বুলি উল্লেখ কৰিছে চিটিবাছ চালকসকলে ।  

লগতে পঢ়ক:Mid day meal workers protest: মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ, দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ

ABOUT THE AUTHOR

...view details