অসম

assam

মহানগৰীত পালন ৰাষ্ট্ৰীয় একতা দিৱস

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 10:52 AM IST

ETV Bharat / videos

National Unity Day : অসম আৰক্ষীৰ উদ্যোগত মহানগৰীত পালন ৰাষ্ট্ৰীয় একতা দিৱস

গুৱাহাটী, 31 অক্টোবৰ: আজি চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিন । সেই উপলক্ষে সমগ্ৰ দেশজুৰি পালন হৈছে ৰাষ্ট্ৰীয় একতা দিৱস । দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস । মহানগৰীৰ লতাশিল খেলপথাৰত অসম আৰক্ষীৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হয় ।

অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ সিঙে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনটো একতাৰ দিৱস হিচাপে পালন কৰি প্ৰতিটো বেটেলিয়নত একতাৰ দৌৰৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি কয় । এই দৌৰত বেটেলিয়ান আৰু জিলাৰ আৰক্ষীসকলে অংশগ্ৰহণ কৰিছে । নেহৰু ষ্টেডিয়ামৰ পৰা আৰম্ভ হৈছে এই একতাৰ দৌৰ ।

লতাশিলৰ পৰা আৰম্ভ হোৱা একতাৰ দৌৰ দীঘলীপুখুৰীত সমাপ্ত হয় । সংবাদ মাধ্যমৰ আগত প্ৰদান কৰা বক্তব্যত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে আলফা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

লগতে পঢ়ক:National Unity Day: আজি দেশজুৰি পালন কৰা হ’ব নৱম সংখ্যক ৰাষ্ট্ৰীয় একতা দিৱস

ABOUT THE AUTHOR

...view details