অসম

assam

নগাঁও জিলা আন্তঃক্লাব কাৰাটে চেম্পিয়শ্বিপ

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 1:56 PM IST

ETV Bharat / videos

Nagaon Inter Club Karate Championship: নগাঁও জিলা আন্তঃক্লাব কাৰাটে চেম্পিয়শ্বিপত কলিয়াবৰৰ সাফল্য়

কলিয়াবৰ, ১৮ ছেপ্টেম্বৰ:নগাঁৱত যোৱা ১৬ ছেপ্টেম্বৰত সামৰণি পৰা তৃতীয় নগাঁও জিলা আন্তঃক্লাব কাৰাটে চেম্পিয়শ্বিপত কলিয়াবৰৰ কাৰাটেকাৰে বিশেষ সফল‍তা অৰ্জন কৰিছে । কলিয়াবৰৰ ব্ৰাডাৰ্ছ ফাইট ক্লাবে এই চেম্পিয়নশ্বিপত অংশ লৈ সফলতা লাভ কৰাত স্থানীয় ৰাইজ উৎফুল্লিত হৈছে । প্ৰশিক্ষক ত্ৰিশূল ভূঞাৰ নেতৃত্বত কলিয়াবৰৰ ব্ৰাডাৰ্ছ ক্লাবৰ ৩৩ গৰাকী কাৰাটেকাৰে অংশগ্ৰহণ কৰি সৰ্বমুঠ ২৩ টা পদক লাভ কৰিবলৈ সক্ষম হয় ।  

কলিয়াবৰৰ ব্ৰাডাৰ্ছ ফাইট ক্লাবে নগাঁও জিলা আন্তঃক্লাব কাৰাটে চেম্পিয়শ্বিপত ৪টা সোণ, ১১টা ৰূপ আৰু ৮টা ব্ৰঞ্জৰ পদক লাভ কৰে । ইয়াৰে সোণৰ পদক লাভ কৰিছে শুভজিৎ বসুমতাৰী, অভিজিৎ গুপ্তা, ৰিয়ান বৰদলৈ আৰু ৰুহানী আখতাৰ । উল্লেখযোগ‍্য যে,অহা নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ৰাজ‍্যিক কাৰাটে চেম্পিয়শ্বিপলৈ সোণৰ আৰু ৰূপৰ পদক লাভ কৰা ১৫ গৰাকী কাৰাটেকা নিৰ্বাচিত হৈছে ।

লগতে পঢ়ক:Football tournament: বঙাইগাঁৱত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details