অসম

assam

চূণচালিত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন কিশোৰ

ETV Bharat / videos

Minor boy missing while taking a bath:চূণচালিত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন কিশোৰ

By

Published : Jul 26, 2023, 6:22 PM IST

গুৱাহাটী,২৬ জুলাই: সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হ’ল গুৱাহাটীৰ এটি কিশোৰ । লুইতৰ বুকুত সন্ধান হীন হৈ থকা কিশোৰ জন হৈছে নুনমাটি শালবাৰী অঞ্চলৰ সঞ্জয় চেত্ৰী ৷ জানিব পৰা মতে মঙলবাৰে কিশোৰজনে আন তিনি বন্ধুৰ সৈতে সন্ধিয়াৰ ভাগত চূণচালিৰ ব্ৰহ্মপুত্ৰৰ পাৰলৈ ফুৰিবলৈ গৈছিল ৷ কিন্তু সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হয় কিশোৰটো ।

মঙলবাৰে স্থানীয় লোক আৰু মাছমৰীয়াই ঘটনাটো প্ৰত্যেক্ষ কৰাত কিশোৰটোক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল ৷ পৰবৰ্তী সময়ত সন্ধানহীন কিশোৰজনৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষী থানাক অৱগত কৰে । বুধবাৰে ঘটনাস্থলীত আৰক্ষী আৰু SDRF ৰ লোক উপস্থিত হৈ কিশোৰজনৰ সন্ধানত ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান অব্যাহত ৰাখিছে । ইফালে ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ হৈছে কিশোৰ জনৰ চেণ্ডেল । বৰ্তমানলৈ SDRF এ উদ্ধাৰ কৰিব পৰা নাই কিশোৰজনক।

লগতে পঢ়ক:Fake note racket : মহানগৰীত জালনোট চক্ৰ উৎখাত

ABOUT THE AUTHOR

...view details