অসম

assam

ক’লা ধোঁৱা আৰু ধ্বংসস্তূপত পৰিণত চ’ক বজাৰ

By

Published : Feb 24, 2023, 7:05 PM IST

ETV Bharat / videos

Jorhat Chowk Bazaar fire : ধ্বংসস্তূপৰ মাজত যোৰহাটৰ চ’ক বজাৰ

যোৰহাট, 24 ফেব্ৰুৱাৰী : বিট্ৰিছ যুগতেই অস্থায়ীভাৱে প্ৰতিষ্ঠা লাভ কৰাৰ ঐতিহাসিক যোৰহাট চ’ক বজাৰত এতিয়া মাথোঁ বিৰাজ কৰিছে নিস্তব্ধতাই (Fire at Jorhat Chowk Bazaar)। চাৰিওফালৰ ধ্বংসস্তূপৰ মাজত বিৰাজ কৰিছে এক নিৰিবিল পৰিৱেশে ৷ তাৰ মাজত পহৰা দায়িত্বত আছে বহু আৰক্ষী ৷

আনকি দুভৰ্গীয়া ব্যৱসায়ীসকলে ইয়ালৈ আহি এতিয়া মাথোঁ হুমুনিয়াইছে ৷ লগতে শোক আৰু বেদনাত দগ্ধ হৈ ঘূৰি গৈছে নিজ গৃহলৈ । সান্তনা দিবলৈ কাৰোৰে মুখত যেন এতিয়া ভাষাৰ অভাৱ ৷ উল্লেখ্য যে, নিম্ন আৰু মধ্যবিত্ত লোকসকলৰ বাবে প্ৰয়োজনীয় বজাৰ সমাৰ কৰাৰ মূল ব্যৱসায়ীস্থলী আছিল এই ঐতিহ্যমণ্ডিত চ’ক বজাৰখন ৷

কাৰণ উক্ত বজাৰত সকলো প্ৰয়োজনীয় সা-সামগ্ৰী উপলদ্ধ আছিল (Chowk Bazaar in Jorhat) ৷ গ্ৰাহকসকলে উক্ত বজাৰত দৰ দাম কৰাৰ সুবিধাখিনিও পাইছিল ৷ কিন্তু বিগত 16 ফেব্ৰুৱাৰীৰ দিনা একুৰা জুয়ে নিমিষতে ধ্বংস কৰি পেলালে এই চ’ক বজাৰক (Jorhat Chowk Bazaar fire) । 16 ফেব্ৰুৱাৰীৰ দিনা নিশা সংঘটিত হোৱা সেই অগ্নিকাণ্ডত শেষ হৈ গ’ল প্ৰায় 3000 টা পৰিয়ালৰ জীৱন-জীৱিকা উৎপত্তি স্থল (Major fire damages 300 shops at Jorhat Chowk Bazaar)।

1951 চনতে স্থায়ীভাৱে স্থাপিত ঐতিহাসিক চ’ক বজাৰখনত এতিয়া প্ৰতিফলিত কেৱল ছাঁই আৰু ধ্বংসস্তূপৰ প্ৰতিছবি । চৰকাৰী তথ্য মতে, 351 খন আৰু বেচৰকাৰী তথ্য মতে, 530 খন ব্যৱসায়িক প্ৰতিষ্ঠান আছিল এই চ’ক বজাৰত ৷ এতিয়া জীৱন জীৱিকা সম্বল বিচাৰি মাথোঁ চিৎকাৰ কৰি উঠিছে বহু ব্যৱসায়িক প্ৰতিষ্ঠানগৰাকীয়ে ।

জুই লেনিহান শিখাৰ প্ৰকোপ ইমানেই বেছি আছিল যে কাষৰীয়া জিলাৰ পৰা অহা অগ্নি নিৰ্বাপক বাহিনীয়ে 14 ঘন্টাৰ অন্তহে এই জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছিল । ইফালে যোৰহাট চ’ক বজাৰত সংঘটিত এই ভয়াৱহ অগ্নিকাণ্ড ঘটনাৰ ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :Jorhat Chowk Bazaar fire: জুইত জাহ গ’ল জীৱিকা; ক্ষতিপূৰণক লৈ দোমোজা

ABOUT THE AUTHOR

...view details