অসম

assam

ডিব্ৰুগড়ত অগ্নিকাণ্ড

By

Published : Jun 14, 2023, 3:35 PM IST

ETV Bharat / videos

Fire in Dibrugarh: ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ড, জাহ গ'ল এটা বাসগৃহ

ডিব্ৰুগড়, 14 জুন: ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ চহৰখনৰ শংকৰদেৱ কলনিৰ শুৱনি পথত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত লোহিত কৃষ্ণ ফুকন নামৰ এজন লোকৰ বাসগৃহ সম্পূৰ্ণকৈ জুইত জাহ যায় ৷

জানিব পৰামতে, ঘৰত লোহিত কৃষ্ণ ফুকনৰ মাতৃ আৰু কণমানি পুত্ৰ থকাৰ অৱস্থাতে অকস্মাতে সংঘটিত হোৱা জুইত সম্পূৰ্ণ গৃহটো নিমিষতে ছাৰখাৰ হৈ পৰে ৷ অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও কেইবা লাখ টকাৰ সম্পত্তিৰ লগতে, নগদ 30 হাজাৰ টকা ধন, সোণসহ বহু গুৰপুত্বপূৰ্ণ নথি-পত্ৰ জুইত জাহ যায় ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় ৷ অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক:Poor condition of Majuli Hospital: মাজুলী জিলা চিকিৎসালত জেনেৰেটৰ চলাবলৈ নাই ইন্ধন

ABOUT THE AUTHOR

...view details