অসম

assam

পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু

By

Published : May 2, 2023, 11:55 AM IST

Updated : May 2, 2023, 12:05 PM IST

ETV Bharat / videos

Terrible road accident in Dima Hasao : ডিমা হাছাও পথ দুৰ্ঘটনাত নিহত এজন যুৱক

হাফলং, 2মে’ :  সোমবাৰে সন্ধিয়া ডিমা হাছাও জিলাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী যুৱক ৷ শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰ তথা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰ বিয়লি প্ৰায় 6 বজাত সংঘটিত হয় এই  দুৰ্ঘটনাটো (Road Accident in Dima Hasao) ৷

জানিব পৰা মতে, সোমবাৰে বিয়লি ডিমা হাছাও জিলাৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৰওয়াপুত হাফলঙৰ দিশে অহা এএছ 01 এলচি 4515 নম্বৰৰ ট্ৰাকৰ লগত বিপৰীত দিশৰ পৰা অহা এখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ হয় ৷ এই সংঘৰ্ষত থিতাতে নিহত হয় বাইক আৰোহী যুৱকজন (Terrible road accident in Dima Hasao) ৷ দুৰ্ঘটনাত নিহত হোৱা যুৱকজন বৰওয়াপু গাঁৱৰ বাসিন্দা সুমিত হাপীলা বুলি চিনাক্ত কৰা হৈছে ৷

ইফালে এই দুৰ্ঘটনাটো সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা ট্ৰাকৰ চালকজন পলাই যাবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে (One Person Died in a Road Accident in Dima Hasao) ৷

লগতে পঢ়ক:Encounter in Nagaon: পূৰ্বৰ পৰাই দাগী আছিল ৰমিজুল; এইবাৰ লাগিল গুলীৰ দাগ

Last Updated : May 2, 2023, 12:05 PM IST

ABOUT THE AUTHOR

...view details