অসম

assam

By

Published : Nov 26, 2022, 4:56 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ETV Bharat / videos

Inter Club Sports Meet 2022: চিৰাঙত আৰম্ভ আন্তঃক্লাব ক্ৰীড়া প্ৰতিযোগিতা

চিৰাং জিলাৰ কাজলগাঁৱত তিনি দিনীয়াকৈ অনুষ্ঠিত হৈছে জিলা ভিত্তিক আন্তঃক্লাব ক্ৰীড়া প্ৰতিযোগিতা (Inter Club Sports Meet starts at Chirang)। শনিবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত জিলাখনৰ ১৮ টাকৈ ক্লাবৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে । এই প্ৰতিযোগিতাৰ উদ্বোধন কৰে চিৰাং জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে (Sidli MLA inaugurates Inter Club Sports)। এই প্ৰতিযোগিতাৰ পৰাই ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে খেলুৱৈ বাছনি কৰা হ'ব । জিলা ক্ৰীড়া বিভাগে আয়োজন কৰা এই প্ৰতিযোগিতাত বিশেষকৈ বক্সিং, আৰ্চাৰী, এথলেটিকচ আৰু ভলীবলৰ খেলুৱৈ বাছনি কৰা হ'ব । জিলা সদৰ কাজলগাঁওস্থিত উদাংশ্ৰিনি আলাৰি প্ৰেমসিং ব্ৰহ্ম সোঁৱৰণী ষ্টেডিয়ামত পুৱা আনুষ্ঠানিকভাৱে এই প্ৰতিযোগিতাৰ উদ্বোধন কৰে ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details