অসম

assam

ধনৰ বিনিময়ত চাকৰিৰ প্ৰলোভন দিয়া প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

By

Published : Feb 14, 2023, 7:50 PM IST

ETV Bharat / videos

Cash for Job case : টিংখাঙত ধনৰ বিনিময়ত চাকৰিৰ প্ৰলোভন দিয়া প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

মৰাণ, ১৪ ফেব্ৰুৱাৰী:ৰাজ্যত পুনৰ সক্ৰিয় হৈছে ধনৰ বিনিময়ৰ চাকৰি দিব বিচৰা এটা দুষ্টচক্ৰ । চাকৰিৰ প্ৰলোভন দি লাখ লাখ টকা সংগ্ৰহ কৰিছে চক্ৰটোৱে । এইবাৰ ডিব্ৰুগড় জিলাৰ টিংখাঙত তেনে এটা প্ৰৱঞ্চকৰ দলৰ কেইবাটাও সদস্যক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Fraud arrested in Dibrugarh)। স্বাস্থ্য সেৱাত চাকৰি দিয়াৰ প্ৰলোভন দি চক্ৰটোৱে বহু নিবনুৱা যুৱক-যুৱতীৰ পৰা ধন সংগ্ৰহ কৰিছিল বুলি অভিযোগ উঠিছে ।

জানিব পৰা মতে চাকৰি দিয়াৰ নামত নিবনুৱা যুৱক-যুৱতীৰ পৰা ধন সংগ্ৰহ কৰা প্ৰৱঞ্চকক যোৱা নিশা টিংখাঙত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । নিশা জোকতলি চাহ বাগিছাৰ পৰা এটা প্ৰৱঞ্চক আৰু দুগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (3 fraud arrested at Tingkhong)। বিভিন্ন জিলাৰ ভুক্তভোগী নিবনুৱা যুৱক-যুৱতীসকলে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে প্ৰৱঞ্চক কেইটাক ।

অভিযোগ অনুসৰি প্ৰৱঞ্চক কেইটাই দীৰ্ঘদিন ধৰি চৰাইদেউ, ডিব্ৰুগড়, যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত চাকৰি দিয়াৰ নামত বিভিন্ন নিবনুৱা যুৱক-যুৱতীসকলৰ পৰা ধন সংগ্ৰহ কৰিছিল । 'দেবদূত এম্বুলেন্স চাৰ্ভিছ' নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ অধীনত এম্বুলেন্সৰ চালক, নাৰ্চকে ধৰি বিভিন্ন পদত চাকৰি দিয়া হ'ব বুলি প্ৰলোভন দিছিল প্ৰবঞ্চকৰ চক্ৰটোৱে (Devdut Ambulance Service job scam)।

আনকি স্বেচ্ছাসেৱী সংস্থাটোত নাম পঞ্জীয়নৰ নামত ২৮০০ পৰা ২৮৫০ টকাকৈ আদায়ো কৰিছিল নিবনুৱা যুৱক-যুৱতী সকলৰ পৰা । প্ৰৱঞ্চক কেইজনৰ ঘৰ যোৰহাটত বুলি জানিব পৰা গৈছে । বহু নিবনুৱা যুৱক- যুৱতীৰ পৰা এবছৰৰ পূৰ্বে চাকৰিৰ নাম পঞ্জীয়নৰ নামত ২৮০০ পৰা ২৮৫০ টকাকৈ সংগ্ৰহ কৰিছিল তেওঁলোকে (Cash for Job case at Tingkhong)। ঘটনাক লৈ নিশা বৰবাম আৰক্ষী চকীত বহু ভুক্তভোগী যুৱক-যুৱতীয়ে ভিৰ কৰে ।

অৱশ্যে অভিযুক্ত লোককেইজনে এয়া ষড়যন্ত্ৰ বুলি দাবী কৰিছে । কিন্তু আৰক্ষীৰ তদন্তৰ পাচত পোহৰলৈ আহিব এই ঘটনাৰ প্ৰকৃত সত্য । আনহাতে এই চক্ৰটোৰ আঁৰত আৰু কোন কোন জড়িত হৈ আছে সেই কথাও নিশ্চিত হৈ পৰিব ।

লগতে পঢ়ক :Anti drugs operation in Diphu: ডিলাইত ড্ৰাগছসহ এজনক আটক

ABOUT THE AUTHOR

...view details