অসম

assam

তাম্ৰেশ্বৰী আই থানে এই বছৰত ভৰি থলে ১১৮ টা বছৰত

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 1:14 PM IST

ETV Bharat / videos

Devi idol Establishment at Tamreswari temple : ১১৮ বছৰীয়া শ্ৰীশ্ৰী তাম্ৰেশ্বৰী আই থানৰ নতুন ভৱনত দেৱীৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা

জোনাই, ১৭ অক্টোবৰ :ধেমাজি জিলাৰ ঐতিহাসিক চিলাপথাৰৰ চিলাসুঁতিস্থিত শ্ৰীশ্ৰী তাম্ৰেশ্বৰী আই থানে পালে ন-ৰূপ । ১৯০৫ চনতে স্থাপিত হোৱা এই তাম্ৰেশ্বৰী আই থানে এই বছৰত ভৰি থলে ১১৮ টা বছৰত । অন্য বছৰৰ দৰে এই বছৰতো থান পৰিচালনা সমিতিয়ে শাৰদীয় দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি চলাই আছে ।

পূৰ্বে পূজা কৰা স্থান বর্তমান জৰাজীৰ্ণ হোৱাৰ বাবে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগুৰ নেতৃত্বত আৰু ৰাইজৰ দান বৰঙণিৰ ধনেৰে নিৰ্মাণ কৰা হৈছে এটা নতুন ভৱন ৷ এই নতুন ভৱনত সোমবাৰে আধ্যাত্মিক ৰীতি-নীতিৰ মাজেৰে পুৰোহিতৰ মন্ত্ৰোচাৰণ আৰু আয়তীৰ উৰুলি, শংখ, ঘন্টাৰ ধ্বনিৰে মুখৰিত হৈ পৰিল ৷ এনে আধ্যাত্মিক পৰিৱেশৰ মাজতে গাঁৱৰ ৰাইজে প্ৰতিষ্ঠা কৰে সম্পূৰ্ণ কাঠেৰে নিৰ্মিত দেৱীৰ প্ৰতিমূৰ্তিটো ।

উল্লেখ্য যে, জনবিশ্বাস অনুসৰি নিজৰ একচিত্ত মনেৰে তাম্ৰেশ্বৰী আই থানত পূজা কৰিলে পূৰ্ণ হয় মনোবাঞ্ছা । থানখনত দৈনিক আগমন ঘটে বহু ভক্ত প্ৰাণ ৰাইজৰ । শাৰদীয় দুৰ্গাপূজাৰ এই তিনিওটা দিনত উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হয় ৷

পুৰণি ৰীতি-নীতি অনুসৰি বিজয়া দশমীৰ দিনা দেৱীক সন্তুষ্ট কৰিবলৈ ম’হ, ছাগলী, হাঁহ আদি বলি দিয়া হয় । অতীজৰে পৰা অঞ্চলটোত বসবাস কৰা মিচিং, বড়ো, অসমীয়া, বঙালী, নেপালীকে ধৰি জাতি জনগোষ্ঠী সকলোৱে এক হৈ পালন কৰি আহিছে পূজা ।

লগতে পঢ়ক :Durga puja 2023: হোজাইত দুৰ্গা পূজাৰ প্ৰস্তুতি অন্তিম পৰ্যায়ত, ব্যস্ত মৃন্ময় শিল্পীসকল

ABOUT THE AUTHOR

...view details