অসম

assam

By

Published : Sep 19, 2022, 2:12 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

ETV Bharat / videos

কলিয়াবৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ

অসম আৰক্ষীয়ে বৰ্তমানেও অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs mission)৷ কলিয়াবৰত এইবাৰ পুনৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ হ'ল ড্ৰাগছ(Assam police raid against drugs) ৷ কলিয়াবৰৰ জখলাবন্ধা আৰক্ষীয়ে অভিযান চলায় গ্ৰেপ্তাৰ কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক (Kaliabor police seized drugs)৷ কলিয়াবৰ আৰক্ষীয়ে কুঁৱৰীটোলত দেওবাৰে এখন পৰিত্যক্ত বাহনত ড্ৰাগছ জব্দ কৰাৰ পাছত দেওবাৰৰ নিশা জখলাবন্ধা আৰক্ষীয়ে প্ৰায় ৪ গ্ৰাম হেৰ'ইন সহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে (Drugs Peddler arrested with Drugs in Kaliabor )। ৩৫ টাকৈ কন্টেনাৰত উদ্ধাৰ কৰিবলৈ সক্ষম হয় সন্দেহযুক্ত হেৰ’ইন । ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী চিকনি-বৰহোলাৰ আকাশ গুপ্তা, বাঘজানৰ বিজয় সিং বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । এ এছ ০২ চি চি ২২১৯ নম্বৰৰ এখন টেম্পুত সন্দেহযুক্ত হেৰ’ইনখিনি সৰবৰাহ কৰাৰ সময়তেই টেম্পুখন জব্দ কৰে জখলাবন্ধা আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

...view details