অসম

assam

Erosion at Lakhimpur: দ্ৰোপাং নৈৰ খহনীয়া ৰোধত নামিল ৰাইজ

By

Published : Jul 27, 2022, 8:58 PM IST

Published : Jul 27, 2022, 8:58 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / videos

Erosion at Lakhimpur: দ্ৰোপাং নৈৰ খহনীয়া ৰোধত নামিল ৰাইজ

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী দ্ৰোপাঙত এইবাৰ দ্ৰোপাং নৈৰ গৰাখহনীয়া ৰোধত নামিল স্থানীয় ৰাইজ (Erosion at Lakhimpur) ৷ পাহাৰীয়া খৰস্ৰোতা নৈখনৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰি বৃহত্তৰ দ্ৰোপাং অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে ৷ ইতিপূৰ্বে ৰক্ষাকবচ চেকবান্ধ খহাই লৈ যোৱাত ৰাইজ শংকিত হৈ পৰিছে ৷ দ্ৰোপাঙত নিতৌ অব্যাহত থকা শিল-বালিৰ অবাধ খননকাৰ্যৰ বাবে খৰস্ৰোতা নৈখনে গতিপথ সলনি কৰি কাষৰ গৰাত লাগিছে ৷ যাৰবাবে ব্যাপক খহনীয়া সৃষ্টি হৈছে (River erosion in flood-affected areas of Assam) ৷ জিলা প্ৰশাসন আৰু বিধায়কক আবেদন-নিবেদন কৰিও কোনো সুফল নোপোৱাত মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত ৰাইজ নামিছে খহনীয়া ৰোধত ৷ জেং জাৱৰ দি নৈৰ গতিপথ সলনি কৰাত লাগিছে দ্ৰোপাঙৰ পুৰুষ মহিলা ৷ খহনীয়াই ভাবুকি আনিছে দ্ৰোপাঙৰ ওপৰত থকা অনিৰুদ্ধ সেঁতুলৈও ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details