অসম

assam

ETV Bharat / videos

ৰাজপথৰ কাষত টীয়ক চাহ বাগিচাৰ মৰণফান্দ

By

Published : Sep 20, 2022, 1:56 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

যোৰহাটৰ টীয়ক চাহ বাগিচা কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড (teok tea estate) ৷ টীয়ক চাহ বাগিচাৰ মাজেৰে যোৱা চেলেংহাট পথত বাগিচা কৰ্তৃপক্ষই পথৰ কাষত স্থাপন কৰা ব্লেডযুক্ত তাঁৰে সমস্যাৰ সৃষ্টি কৰিছে স্থানীয় ৰাইজৰ(Dangerous fencing of Tiyak tea plantation along the road)৷ দৈনিক হাজাৰ হাজাৰ লোকে যাতায়ত কৰা ব্যস্ত চেলেংহাট পথটোৰ কাষত টীয়ক চাহ বাগিচা কৰ্তৃপক্ষই সুৰক্ষাৰ নামত স্থাপন কৰিছে ব্লেডযুক্ত তাঁৰ, যি তাঁৰ সততে সীমান্তৱৰ্তী এলেকাত ব্যৱহাৰ কৰা পৰিলক্ষিত হয় । বাগিচা কৰ্তৃপক্ষৰ এনে হঠকাৰী সিদ্ধান্তৰ পৰিণতিত উক্ত তাঁৰত দুৰ্ঘটনাগ্ৰস্ত হৈ বহু পথচাৰী ঘূণীয়া হোৱাৰো অভিযোগ তুলিছে স্থানীয় লোকসকলে । এনে বিপদযুক্ত ফেঞ্চিং আতঁৰাই সাধাৰণ ফেঞ্চিঙৰ ব্যৱস্থা কৰিবলৈ চাহ জনজাতি ছাত্ৰ সন্থাই বাৰম্বাৰ টীয়ক চাহ বাগিচা কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও বাগিচা কৰ্তৃপক্ষই বিষয়টো সন্দৰ্ভত গ্ৰহণ কৰি আহিছে নিৰ্বিকাৰ ভূমিকা(Tea Tribes Students Union) ৷
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

...view details