অসম

assam

CID team at Kaliabor : কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথত জোনমণি ৰাভা দুৰ্ঘটনাৰ নক্সা প্ৰস্তুত CID ৰ

By

Published : May 19, 2023, 3:50 PM IST

জোনমণি ৰাভাৰ মৃত্যুৰ অনুসন্ধান চলি আছে

কলিয়াবৰ, 19 মে’ : সদ্য প্ৰয়াত SI বিষয়া জোনমণি ৰাভাৰ দুৰ্ঘটনা সংঘটিত হোৱা স্থানত শুকুৰবাৰে উপস্থিত হয় CID ৰ এটা দল (CID team at Kaliabor) ৷ CID দলটোৰ লগত উপস্থিত থাকে অভিযুক্ত ট্ৰাক চালক সুমিত কুমাৰ ৷ আনকি আৰক্ষীক লগত লৈ CID য়ে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দুৰ্ঘটনাৰ নক্সা প্ৰস্তুত কৰে (CID team investigation on Junmoni Rabha death case) ৷

ইয়াৰ পূৰ্বে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াই অভিযুক্ত চালক ট্ৰাক চালক সুমিত কুমাৰক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যায় কলিয়াবৰ মহকুমা অসামৰিক চিকিৎলায়লৈ । এইজন অভিযুক্ত ট্ৰাক চালকে বৃহস্পতিবাৰে CID ৰ সন্মুখত আত্মসমৰ্পন কৰাৰ পাচত শুক্ৰবাৰে পুৱা জখলাবন্ধা আৰক্ষী থানালৈ লৈ অনা হয় অভিযুক্ত সুমিতক ।

আনকি এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসেও চিনাক্ত কৰে কন্টেইনাৰ ট্ৰাক চালক সুমিত কুমাৰক । জানিব পৰা মতে, বৰ্তমানেও অভিযুক্ত সুমিত কুমাৰ আৰু প্ৰণৱ দাসক সোধ-পোছ অব্যাহত ৰাখিছে অপৰাধ অনুসন্ধান শাখাই ।

লগতে পঢ়ক :Junmoni Rabha Accident Case : ট্ৰাক চালক সুমিত কুমাৰক চিআইডিৰ জেৰা

ABOUT THE AUTHOR

...view details