অসম

assam

ETV Bharat / videos

টিংখাঙত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা

By

Published : Aug 30, 2022, 4:03 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তথা টিংখাং আঞ্চলিক সমিতিৰ আতিথ্যত টিংখাং মহাবিদ্যালয় প্ৰেক্ষাগৃহত সোমবাৰে অনুষ্ঠিত হয় ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা (Bhupendra sangeet in Tingkhong)। উক্ত প্ৰতিযোগিতাখনিত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ(Dibrugarh District Students Union) অধীনৰ ১৫ খন আঞ্চলিকৰ ১৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য অনিল গগৈয়ে । অনুষ্ঠানটোত টিংখাং মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ মৌচুমী গগৈ,টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈ, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্তকে প্ৰমুখ্যে কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে । উল্লেখ্য় যে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰত্যেক বছৰে এই ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি অহা হৈছে । এই প্ৰতিযোগিতাখনিৰ শ্ৰেষ্ঠ প্ৰতিযোগীগৰাকীয়ে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া উদ্দীপনা শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details