অসম

assam

By

Published : May 7, 2022, 8:48 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

ETV Bharat / videos

চোৰাংচোৱা ধৰা পৰাটো অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ বাবে লাজৰ কথা: ভূপেন বৰা

আৰক্ষীৰ চোৰাং চোৱাৰ অভিযোগত দুজন অসমীয়া যুৱকক আলফা(স্বা)য়ে শনিবাৰে মৃত্যুদণ্ড দিয়াৰ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ সমিটিৰ সভাপতি ভূপেন বৰাই (Bhupen Bara reacts to killing of youths by ULFA I) ৷ আলফাৰ সৈতে সৌহাৰ্দপূৰ্ণ আলোচনাৰ(Peach talks with ULFA I) পৰিৱেশ এটা চলি থকাৰ সময়তে এনেদৰে দুজন যুৱকক চোৰাংচোৱাগিৰিৰ অভিযোগত মৃত্যুদণ্ডৰে দণ্ডিত কৰাটো কেৱল সেই দুটা পৰিয়ালৰ বাবেই নহয়, সমগ্ৰ অসমৰ শান্তিকামী ৰাইজৰ বাবে আচম্বিত, হতবাক হ’বলগীয়া ঘটনা বুলি মন্তব্য ভূপেন বৰাৰ ৷ পৰেশ বৰুৱা আৰু অসমৰ মুখ্যমন্ত্ৰীক দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ যোগাত্মক আলোচনাৰ মাজেৰে শেষ হোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায় ৷ আৰক্ষীয়ে পঠিওৱা চোৰাংচোৰা(Spy in Ulfa I) ধৰা পৰাতো লজ্জাজনক আখ্যা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

...view details