AJP Executive in Guwahati: লোকসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতৰ উদ্দেশ্যে অজাপৰ কাৰ্যনিৰ্বাহক সভা
Published : Nov 3, 2023, 8:16 PM IST
গুৱাহাটী, 3 নৱেম্বৰ: শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সভা ৷ সভাত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । স্বাভাৱিকতেই কাৰ্যকৰী সভাখনত বিশেষকৈ স্থান লাভ কৰিলে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰসংগই ৷ কাৰ্যনিৰ্বাহকৰ অন্তত দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সাংবাদিকৰ আগত কয় যে কোন সমষ্টিৰ প্ৰাৰ্থী কোন হ’ব, ঐক্যমঞ্চক কিমান আসনৰ দাবী কৰিব, নিৰ্বাচনী ৰণকৌশল কি হ’ব, সাংগঠনিক দিশ আদিৰ আলোচনা হয় ।
আনহাতে বিজেপিৰ ভয় ভাবুকি, চৰকাৰী আঁচনিৰ প্ৰলোভন আদিৰ বিষয়েও কাৰ্যনিৰ্বাহকত আলোচনা কৰা হয় ৷ এক অসম যাত্ৰাৰ দ্বিতীয় পৰ্যায়ৰ সন্দৰ্ভতো আলোচনা কৰা হয় অজাপৰ কাৰ্যনিৰ্বাহকখনত ৷ তদুপৰি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিষয়টো ৰাইজৰ মাজত কেনেদৰে নিয়া হ'ব তাৰ সম্পৰ্কতো আলোচনা কৰা হয় ।
লগতে পঢ়ক :BJP Worker Joins AJP : বিজেপি এৰি অজাপত যোগদান ? কোনোপধ্যে নামানে টিংখাং বিজেপিয়ে