অসম

assam

By

Published : Jan 10, 2023, 10:24 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / videos

AIKS protest at Manikpur : মাণিকপুৰত নিখিল ভাৰত কৃষক সভাৰ অৱস্থান ধৰ্মঘট

মঙলবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল বঙাইগাঁও জিলাৰ মাণিকপুৰ (AIKS protest at Manikpur) ৷ নিখিল ভাৰত কৃষক সভাৰ (Nikhil Bharat Krishak Sabha) উদ্যোগত মাণিকপুৰত ৰূপায়ন কৰা হয় এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ (All India Kisan Sabha protest at Manikpur)৷ চিৰাং-বঙাইগাঁও জিলাৰ সভাপতি সত্য পাঠকৰ লগতে অৰ্ধ শতাধিক কৰ্মীৰ উপস্থিতিত কৃষকক উচ্ছেদ বন্ধ কৰা, উচ্ছেদিতসকলক পুনৰ সংস্থাপন ব্যৱস্থা কৰা, কৃষকক দখলিকৃত মাটিৰ পট্টা দিয়া, মাটিৰ জৰীপ আৰম্ভ কৰা, প্ৰতি পঞ্চায়ত বা ভিচিডিচিত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা ইত্যাদি দাবীত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচীৰ ৷ প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে ৭ দফীয়া দাবীৰে মাণিকপুৰ চক্ৰ বিষয়ালৈ এখনি স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details