অসম

assam

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

By

Published : Jul 11, 2023, 2:59 PM IST

ETV Bharat / videos

AJYCP protest in Titabor: তিতাবৰ ৰে'লৱে ষ্টেচন আধুনিকীকৰণৰ দাবীত AJYCP ৰ প্ৰতিবাদ

তিতাবৰ, ১১ জুলাই :যোৰহাট জিলাৰ তিতাবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ । তিতাবৰ ৰে'লৱে ষ্টেচনৰ বহুকেইটা সমস্যা সমাধানৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিতাবৰ আঞ্চলিক সমিতিয়ে সাব্য়স্ত কৰিলে এই  প্ৰতিবাদ ।  

ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনৰ প্ৰৱল দাবীৰ পিচতো  ব্ৰিটিছৰ দিনতে স্থাপিত এই ষ্টেচনটো আজিলৈকে আধুনিকীকৰণ কৰা হোৱা নাই । ষ্টেচনৰ আধুনিকীকৰণ কৰাৰ লগতে দূৰণিবটীয়া ৰে'লৰ ষ্টপেজ প্ৰদান কৰা আদিৰ দাবীত প্ৰতিবাদ কৰে এই সংগঠনটোৱে । ৰে'লৱে ষ্টেচনৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে সংগঠনটোৰ নেতা-কৰ্মী সকলে । উক্ত প্ৰতিবাদত আন কেইবাটাও সংগঠনৰ নেতাই অংশগ্ৰহণ  কৰে । এই দাবী পূৰণ নকৰিলে কঠোৰ কাৰ্যসূচীৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিতাবৰ আঞ্চলিক সমিতিৰ ।

লগতে পঢ়ক:Kaliabor News :কলিয়াবৰৰ ‘বাঘ ভেটা পৰ্ব’ত ব‍্যৱহাৰ কৰা জাল সংৰক্ষণ

For All Latest Updates

ABOUT THE AUTHOR

...view details