AASU protest in Dibrugarh:চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ - ষষ্ঠ শ্ৰেণীৰ পৰা গণিত বিজ্ঞান বিষয় ইংৰাজী মাধ্যমত
ডিব্ৰুগড়, 31 মে’ : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ শেহতীয়া কিছু সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে আজি মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত পুৱাই প্ৰতিবাদ কৰিবলৈ ওলাই আহিল আছু কৰ্মী সকল (AASU protest in Dibrugarh)।
মৰাণত পুৱাৰে পৰা ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম ছাত্ৰ সন্থা, মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই (AASU protests against Govt) । আনহাতে ডিব্ৰুগড় জিলাখনৰ নামৰূপ, নাহৰকটীয়া, টিংখাং, ৰাজগড়, চাবুৱা, টেঙাখাট, দুলীয়াজান, জিলা সদৰ, বৰবৰুৱা, খোৱাঙৰ লগতে সকলো আঞ্চলিক সমিতিয়ে ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে ।
মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াবলৈ অসম চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সকলোৱে মিলি গ্ৰহণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী (Teach Science Maths in English from class six) । আছুৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পাচত সমগ্ৰ বিষয়টো চৰকাৰ তথা শিক্ষা বিভাগে কেনেদৰে গুৰুত্ব প্ৰদান কৰে সেয়াহে লক্ষ্যণীয় হ'ব ।