অসম

assam

By

Published : Aug 15, 2022, 10:13 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / videos

বিলাসীপাৰাত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন

বিলাসীপাৰাতো ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় (Independence day celebrated at Bilasipara)। বিলাসীপাৰা ৰাজহুৱা খেল পথাৰত দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰা হয় । বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱানীয়ে(Bilasipara SDO) উত্তোলন কৰে স্বাধীনতা দিৱসৰ পতাকা । উল্লেখ্য যে বিলাসীপাৰাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত প্ৰখৰ ৰ'দৰ বাবে ঢলি পৰে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী । বিলাসীপাৰাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অসম আৰক্ষী, NCC আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰদৰ্শিত কুজ-কাৱাজৰ লগতে কণ কণ শিশুৱে দেশভক্তিমূলক নৃত্য প্ৰদৰ্শন কৰে । মহকুমা প্ৰশাসনৰ উদ্যোগত উদযাপিত হোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে পূব বিলাসীপাৰাৰ বিধায়ক ছামছুল হুদা, পশ্চিম বিলাসীপাৰাৰ বিধায়ক হাফিজ বছিৰ আহমেদ ক্বাছিমী প্ৰমুখ্যে কেবাগৰাৰীও বিশিষ্ট ব্যক্তি ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details