অসম

assam

প্ৰসাদত বিষক্ৰিয়া হৈ ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ৫৫ জন

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 5:08 PM IST

ETV Bharat / videos

Food Poisoning In Dhemaji: প্ৰসাদত বিষক্ৰিয়া হৈ ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ৫৫ জন

ধেমাজি, ১৯ ছেপ্টেম্বৰ:ধেমাজিত ভদীয়া নামৰ সামৰণি আৰু বিশ্বকৰ্মাৰ পূজাৰ মাহ-প্ৰসাদ পৰিণত হ’ল বৰবিহলৈ ৷ মাহ-প্ৰসাদ খাই বিষক্ৰিয়া হৈ ধেমাজি অসামৰিক চিকিৎসালয়ত সোমবাৰৰ নিশাৰ পৰা চিকিৎসাধীন হ’ল ৫৫ জনকৈ লোক ৷ ঢকুৱাখনাৰ থেকেৰাগুৰি আৰু হাৰ্হি চাপৰিৰ মুঠ ২৩ গৰাকী লোক ভদীয়া নামৰ সামৰণি অনুষ্ঠানৰ প্ৰসাদ খাই আক্ৰান্ত হোৱাৰ বিপৰীতে জোনাইৰ ডেকাপাম লকলুং মিছিং গাঁৱত বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খাই প্ৰায় প্ৰায় ৭২ জন লোক আক্ৰান্ত হয় ৷

বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খাই আক্ৰান্ত হোৱাসকলৰ ২০ গৰাকী সম্প্ৰতি ডেকাপাম উপ-স্বাস্থ্য কেন্দ্ৰত আৰু ১২ গৰাকী চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত  চিকিৎসাধীন হৈ আছে ৷ ইফালে স্বাস্থ্য বিভাগৰ দলে ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচত তৎপৰতা গ্ৰহণ কৰি মাহ-প্ৰসাদৰ নমুনা সংগ্ৰহ কৰে ৷ বুটমাহ খোৱা লোকসকলে ভুগিছে পেটৰ অসুখ, বমি আৰু প্ৰচণ্ড মূৰ বিষত ৷

লগতে পঢ়ক:Food Poisoning In Jonai: জোনাইত বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খাই চিকিৎসাধীন ৭২; গৰ্ভৱতী মহিলাসহ ১৫ জনৰ অৱস্থা সংকটজনক

ABOUT THE AUTHOR

...view details