অসম

assam

By

Published : Feb 14, 2022, 8:10 PM IST

Updated : Feb 3, 2023, 8:12 PM IST

ETV Bharat / videos

Anti Drugs Mission in Guwahati: খানাপাৰাত ৪ কোটি টকাৰ ড্ৰাগছ জব্দ

মহানগৰীত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs Mission in Guwahati)। মহানগৰ আৰক্ষীয়ে সোমবাৰে অভিযান চলাই খানাপাৰাৰ পৰা ৪ কোটি টকাৰ ড্ৰাগছসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে (Drugs seized in Guwahati)৷ ধৃত সৰবৰাহকাৰী কেইজন ক্ৰমে মণিপুৰৰ আতাউৰ ৰহমান, আব্দুল মতলেব, মুনিৰ আহমেদ, আজমল খান আৰু চলিল খান (Drugs peddler arrested in Guwahati)। যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে, খানাপাৰাৰ বড়োলেণ্ড গেষ্ট হাউচৰ সমীপত অভিযান চলাই ৫০০ গ্ৰাম হেৰ’ইনসহ জব্দ কৰে AS01 EG7897 নম্বৰৰ বলেৰ’ বাহনখন । ড্ৰাগছ সৰবৰাহৰ লগত জড়িত ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । সৰবৰাহকাৰীকেইজন দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত হৈ থকা বুলি মন্তব্য কৰে তেওঁ । ইম্ফলৰ পৰা বেংগললৈ নিয়াৰ বাবে চাউলৰ পেকেটৰ মাজত কৌশলেৰে সৰবৰাহ কৰিছিল নিষিদ্ধ ড্ৰাগছখিনি ।
Last Updated : Feb 3, 2023, 8:12 PM IST

ABOUT THE AUTHOR

...view details