অসম

assam

Wood smuggling in Nagaon: ৰূপহীহাটত চোৰাং কাঠ ভৰ্তি বাহন জব্দ

By

Published : Dec 14, 2022, 9:42 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ (Wood smuggling in Assam)। বন বিভাগ আৰু আৰক্ষীয়ে প্ৰায়ে অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাংভাৱে সৰবৰাহ কৰা কাঠ জব্দ কৰাৰ লগতে এই চক্ৰৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি আহিছে (Timber smuggling in Assam)। কিন্তু বন বিভাগ তথা আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো দুষ্টচক্ৰই অব্যাহত ৰাখিছে কাঠৰ চোৰাং সৰবৰাহ । ইয়াৰ মাজতেই ৰূপহীহাটত চোৰাং কাঠ ভৰ্তি এখন বাহন জব্দ কৰে আৰক্ষীয়ে (Smuggling Wood seized at Rupahihat)। নলতলীৰ পৰা ছাইদৰ অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে চোৰাং কাঠসহ AS02BC9043 নম্বৰৰ বাহনখন জব্দ কৰে । আৰক্ষীৰ উমান পাই বাহন এৰি পলায়ন কৰিছিল চালকে। পিছত ৰূপহীহাট আৰক্ষীয়ে বন বিভাগক জব্দকৃত চোৰাং কাঠখিনি গতাই দিয়ে ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

...view details