অসম

assam

শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয়

By

Published : Jun 14, 2023, 1:47 PM IST

ETV Bharat / videos

Poor condition of Majuli Hospital: মাজুলী জিলা চিকিৎসালত জেনেৰেটৰ চলাবলৈ নাই ইন্ধন

মাজুলী, ১৪ জুন:চৰকাৰে স্বাস্থ্য় বিভাগৰ উন্নতি হোৱা বুলি দাবী কৰি থাকিলেও চিকিৎসালয়ত তেলৰ অভাৱত নচলে জেনেৰেটৰ । মোবাইলৰ ফোনৰ পোহৰতেই সম্পন্ন কৰিবলগীয়া হৈছে চিকিৎসা । এইবাৰ তেনে এক ঘটনাই সংঘটিত হৈছে বিতৰ্কই লগ নেৰা মাজুলীক । কৈ থাকিলেও ওৰকে নপৰে মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয়ৰ কথা । জিলা চিকিৎসালয়ত যদি কেতিয়াবা চিকিৎসক নাথাকে,আন কেতিয়াবা আকৌ চিকিৎসালয়ৰ বিভিন্ন ৰোগৰ পৰীক্ষা কৰা মেচিন বেয়া থাকে । মুঠতে বিতৰ্কই লগ নেৰে জিলা চিকিৎসালয়খনক । এইবাৰ আকৌ বিদ্যুৎ সেৱা ব্যাহত হোৱাৰ পাচত এঘণ্টা সময় অন্ধকাৰত ডুব যায় জিলা চিকিৎসালয়খন । 

ইফালে, জিলা চিকিৎসালয়খনৰ জেনেৰেটৰ নচলে তেলৰ অভাৱত । ফলত গৰমত বিচনী মাৰি অসহায় অৱস্থাত ৰোগী থাকিবলগীয়া হোৱাত বিলৈ নোহোৱা হৈছে । এই অৱস্থাতেই ম’বাইলৰ লাইট জ্বলাই চিকিৎসালয়খনৰ নাৰ্ছসকলে ৰোগীক চিকিৎসা আগবঢ়ালে । উন্নয়নৰ যিমানেই ফটা ঢোল নোকোবাওক লাগিলে প্ৰকৃত ছবিখন দেখা যায় এনেবোৰ দৃশ্য প্ৰত্য়ক্ষ কৰিলে। মাজুলীৰ জিলা চিকিৎসালয়খনো এনেদৰেই চলিছে ।

লগতে পঢ়ক:Majuli SI: ধন দাবীৰ অভিযোগত মাজুলীৰ উপ-পৰিদৰ্শকক ৰিজাৰ্ভ ক্ল’জ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details