অসম

assam

By

Published : Jan 19, 2020, 10:54 PM IST

ETV Bharat / videos

JNUৰ দৰে হ'বগৈ অসম বিশ্ববিদ্যালয়ঃ দিলীপ পাল

JNUৰ দৰে হ'বগৈ অসম বিশ্ববিদ্যালয় ৷ ইয়াক হ'ব দিব নোৱাৰি ৷ বিশ্ববিদ্যালয়ত বেড এলিমেণ্ট আছে । দেওবাৰে মহানগৰীৰ দিছ্পুৰ বিধায়ক আবাস গৃহত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিধায়ক দিলীপ পালে । অসম বিশ্ববিদ্যালয়ত হোৱা ঘটনা সন্দৰ্ভত এইদৰে মন্তব্য কৰে বিধায়ক গৰাকীয়ে । অসম বিশ্ববিদ্যালয়ত হোৱা ছাত্ৰ আন্দোলন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়কগৰাকীয়ে কয় যে, "ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলৈহে গৈছে বিশ্ববিদ্যালয়ত, আন্দোলন কৰিবলৈ নহয় ৷ পঢ়াত মনোযোগ দিয়ক ৷ সমস্যা থাকেই, সমাধানৰ ৰাস্তাও আছে ৷ সেই বুলি উপাচাৰ্য্যৰ কাৰ্যালয়, পঞ্জীয়ক কাৰ্যালয়ত তলা উলমাই থ'ব, তাক গ্ৰহণ কৰিব নোৱাৰি ৷ কৰ্তৃপক্ষৰ লগত আলোচনা কৰি সমস্যা সমাধান কৰক ৷ অভিভাৱক সকলেও নিজৰ ল'ৰা-ছোৱালীয়ে কি কৰি আছে, খবৰ কৰক ৷"

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details